This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ ৫ নং ৱাৰ্ডৰ কৃষ্ণ নগৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন
Dhekiajuli Part, Sonitpur | Aug 25, 2025
ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ কৃষ্ণ নগৰ নামঘৰত সোমবাৰে দিনৰ ১ বজাৰ পৰা উদ্যাপন কৰা হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় নামপ্ৰসংগ ৷ ভকত বৈষ্ণৱ সকলে আজি নাম প্ৰসংগ অনুষ্ঠিত কৰি সকলোৰে মংগল কামনা কৰে ৷ আজি এক উদুলিমুদুলি পৰিবেশ নামঘৰৰ প্ৰাংগনত ৷