This browser does not support the video element.
ডিফু: খটখটীত হ্ৰইন সহ আটক এক সৰবৰাহকাৰী
Diphu, East Karbi Anglong | Sep 5, 2025
শুকুৰবাৰে সন্ধিয়া প্ৰায় নিশা প্ৰায় ৮ মান বজাত খটখটী এছবিআই নাকা তালাচীত সন্দেহযুক্ত হেৰইন সহ আৰক্ষীৰ জালত পৰে এটা সৰবৰাহকাৰী ৷ খটখটী অচি নিতুল শইকীয়াৰ নেতৃত্বত এছআই অমৰজ্যোতি শইকীয়া,বিপুল শইকীয়া থানা ষ্টাফৰ সহযোগত চলে তালাচী অভিযান ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা বোকাজান অভিমুখে AS09 J 7446 নম্বৰৰ স্কুটীত আহি থকা এজন চালকক আৰক্ষীৰ দলটোৱে চলাওতে ৬ টা ধঁপাতৰ টেমাত ৬'০২ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰাৰ লগতে চালক উদয় প্ৰসাদক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷