ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত সোমবাৰে বিয়লি ৪ বাজি ৪০ মিনিটত সংঘটিত হল চুৰিকাণ্ড ৷ উল্লেখ্য যে ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপিকাই নিজৰ বাহন ৰখাই এখন দোকানত সোমাওঁতেই চোৰৰ দলে বাহনৰ ভিতৰৰ পৰাই লেপটপ এখন আৰু ম’বাইল লৈ যায় ৷ এই সন্দৰ্ভত ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী অধ্যাপিকাই ৷