This browser does not support the video element.
মৰাণ: খোৱাঙৰ দলনিকুৰ নামঘৰত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আৰু সদগতি কামনা কৰি নামঘৰত ৰাইজে অনুষ্ঠিত কৰিলে নামপ্ৰসংগ
Moran, Dibrugarh | Sep 25, 2025
জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী উঠিছে । সমগ্ৰ ৰাজ্যতে দাবী উত্থাপিত হৈ থকা সময়তে ডিব্ৰুগড় জিলাৰ খোৱাং দলনিকুৰৰ নামঘৰত আইসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ শিল্পীজনৰ মৃত্যুৰ ন্যায় বিচাৰি অনুষ্ঠিত কৰিছে নাম প্ৰসংগ । অনুষ্ঠানত উপস্থিত থাকে খোৱাং সমষ্টিৰ সমাজকৰ্মী তথা বিজেপিৰ যুৱ নেতা পৰাগ দত্ত, শিক্ষক উত্তম ভৰালী, ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি