This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ড্ৰাগছ সৰবৰাহ কৰা গোচৰত ঢেকীয়াজুলিৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
Dhekiajuli Part, Sonitpur | Aug 25, 2025
ড্ৰাগ্ছ সৰবৰাহ কৰা গোচৰত ঢেকীয়াজুলিৰ পৰা এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷ উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত যোৱাকালি মোলানপুখুৰী গাঁৱৰ এঘৰত অভিযান চলাইছিল আৰক্ষীয়ে ৷ উক্ত অভিযানত ঘৰটোৰ পৰা ৭ টা ড্ৰাগ্ছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে এগৰাকী যুৱকক আটক কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পিছতে ঢেকীয়াজুলি আৰক্ষী থানাৰ SI প্ৰাঞ্জল কুমাৰ নাথে ঘটনাৰ তদন্ত কৰি স্বীকাৰোক্তিৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷