This browser does not support the video element.
আমগুৰি: ২১ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে দোপদৰ উড়িয়া বস্তিৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ,নিৰুদ্দেশৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল
Amguri, Sivasagar | Aug 24, 2025
২১ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে দোপদৰ উড়িয়া বস্তিৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ,নিৰুদ্দেশৰ সন্দৰ্ভত হালোৱাটিং থানাত পৰিয়ালৰ এজাহাৰ দাখিল।হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত দোপদৰ উড়িয়াবস্তিৰ ধ্ৰুৱ খদলৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ সুৰজ খদল ২১ আগষ্টৰ সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে।পৰিয়ালৰ লোকে ছাত্ৰ জনক বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিও কোনো ধৰণৰ সম্ভেদ নোপোৱাত হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰ জনক দেখা পালে ৬০০১০৭০৫৪১ নম্বৰত যোগাযোগ কৰিব ।