This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত ঢেকীয়াজুলিৰ পৰা এগৰাকী যুৱকক গ্ৰেপ্তাৰ
Dhekiajuli Part, Sonitpur | Sep 11, 2025
PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত বৃহস্পতিবাৰে দিনৰ ২ বজাত ঢেকীয়াজুলিৰ পৰা এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ পদ্মবিল গাঁৱৰ এগৰাকী যুৱকে শোণিতপুৰ জিলা আৰক্ষী অধীকক্ষকৰ কাৰ্যালয়ৰ চহি জালিয়াতি কৰি PVC চাৰ্টিফিকেট প্ৰস্তুত কৰিছিল ৷ সেয়েহে তদন্তৰ বাবে যোৱাকালি যুৱকজনক আটক কৰিছিল ঢেকীয়াজুলি আৰক্ষীয়ে ৷ ইয়াৰ পিছতে ঢেকীয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মণিৰাম দুৱাৰাই পাৰম্ভিক তদন্তৰ অন্তত যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷