ঢেকীয়াজুলিৰ পৰা তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে দিনৰ ২ বাজি ৩০ মিনিটত তেজপুৰলৈ প্ৰেৰণ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত বিভিন্ন স্থানত টহল দি ফুৰিছিল এই তিনি যুৱকে ৷ যুৱকৰ দলটোৰ ওপৰত সন্দেহ হোৱাত ঢেকীয়াজুলি আৰক্ষীৰ এটি টহলদাৰী দলে যুৱকসকলক আটক কৰিছিল ৷ লক্ষ্যনীয় বিষয় এয়াই যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাতো সঘনাই সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা ৷