শিঙৰীৰ কালিস্থানত বুধবাৰে পূৱতি নিশা অনুমানিক ৪ বজাত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত এগৰাকী লোক কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ কালিস্থানত আজি পুৱাই সামগ্ৰী কঢ়িয়াই অনা প্ৰকাণ্ড ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷ লক্ষ্যনীয় বিষয় এয়াই যে শিঙৰীৰ কালিস্থানত অসম মালা পথত পূৰ্বতেও কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে ৷