শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰিত শুক্ৰবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত ৰাইজৰ দলৰ কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰিত অনুষ্ঠিত ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচনত ৩৬ খন আসনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কলে অখিল গগৈয়ে ৷ ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভাত সাংগঠনিক দিশৰ ওপৰত বিস্তৃত ভাবে আলোচনা কৰা হয় ৷