This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ দুখনকৈ কালি মন্দিৰত চুৰিকাণ্ড সংঘটিত চোৰক আটক কৰি ঢেকীয়াজুলি থানাত আনিলে আৰক্ষীয়ে
Dhekiajuli Part, Sonitpur | Sep 1, 2025
ঢেকীয়াজুলিৰ দুখনকৈ কালি মন্দিৰত চুৰিকাণ্ড কৰা ৪ টা চোৰৰ লগতে চোৰৰ গাড়ীচালক আৰু এগৰাকী সোণাৰীক আটক কৰি সোমবাৰে বিয়লি ৩ বাজি ৩০ মিনিটত ঢেকীয়াজুলি থানাত আনিলে আৰক্ষীয়ে ৷ উল্লেখ্য যে গনেশ পূজা চলিথকা অৱস্থাত ঢেকীয়াজুলিৰ দুখনকৈ কালি মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছিল এই চক্ৰটোৱে ৷ ইয়াৰ পিছতে অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা চাৰিগৰাকী চোৰৰ লগতে গাড়ীচালক আৰু চুৰি সামগ্ৰী ক্ৰয় কৰা এগৰাকী সোণাৰী দোকানীক আটক কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷