This browser does not support the video element.
মৰাণ: খোৱাং দুলীয়া ডিমৌত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বাহন দুৰ্ঘটনাগ্ৰস্ত , চক্ৰ বিষয়া হৈতে চালক আহত
Moran, Dibrugarh | Mar 7, 2025
খোৱাং দুলীয়া ডিমৌত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত দুলীয়া ডিমৌ পেট্ৰল পাম্পৰ সমূখত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে AS 04 AH 7889 নম্বৰৰ ব'লেৰ' বাহনখন ৷ সেই সময়ত বাহনখনত থকা মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈ আৰু চালক মানস কোঁৱৰ গুৰুতৰভাৱে আহত হয় ৷ দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷