This browser does not support the video element.
দেৰগাঁও: দেৰগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণ
Dergaon, Golaghat | Oct 5, 2025
দেৰগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণ। এই দৃশ্য দেওবাৰৰ দিনৰ প্ৰায় ৩ বজাৰ। বৃহত্তৰ দেৰগাঁওবাসীৰ উদ্যোগত আয়োজন কৰা হৈছে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নাম-প্ৰসঙ্গ, কোৰান পাঠ, ভক্তিমূলক গীতেৰে মুখৰিত হৈছে দেৰগাঁৱৰ মধ্যস্থল নৰেন শৰ্মা স্মৃতি পথাৰ। দেৰগাঁওবাসীয়ে প্ৰিয় শিল্পীগৰাকীলৈ যাচিছে শেষ শ্ৰদ্ধাঞ্জলি। এতিয়া সকলোৰে আশা এটাই উচিত ন্যায় পাওঁক প্ৰাণৰ শিল্পীগৰাকীয়ে।