ছয়গাঁও: ছয়গাঁও মাঁ চণ্ডিকা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ
ছয়গাঁও মাঁ চণ্ডিকা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মাঁ চণ্ডিকা উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গণত বুধবাৰে পুৱাৰে পৰা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰা হয় ।সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে এই আন্দোলনৰ কাৰ্যসূচী পালন কৰা হয়।