ডিফু: অসম বিশ্ব বিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্টছ ইউনিয়ন সঁজাতি দলৰ ডিফুত কাকৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাত
বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীক তেওঁৰ বাস ভৱনত সাক্ষাত কৰে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ ষ্টুডেণ্টছ ইউনিয়নৰ সঁজাতি দলে ৷ বিশ্ব বিদ্যালয় চৌহদ খনৰ বিভিন্ন অভাৱ-অভিযোগবোৰ সন্দৰ্ভত ইএম গৰাকীক অৱগত কৰে সঁজাতি দলটোৱে ৷ তেওঁলোকৰ অভাৱ অভিযোগবোৰ পৰ্যায় ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৰিচাৰ্ড টকবীয়ে ৷