নগাঁও: বৰঘাট বাইপাছত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ
Nagaon, Nagaon | Dec 2, 2025 নগাঁৱৰ বৰঘাট বাইপাছত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। জব্দকৃত ড্ৰাগছ খিনিৰ কলা বজাৰত মূল্য প্ৰায় ১০ লাখ টকা। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। ড্ৰাগছ খিনি এগৰাকী মহিলাই AS- 07- X - 8276 নম্বৰৰ এখন গ্ৰেণ্ড ভিটাৰা বাহনত শিলচৰৰ পৰা লক্ষীমপুৰলৈ গৈ থকা অৱস্থাত নগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি বৰঘাট বাইপাছত জব্দ কৰে । অভিযানত মূল অভিযুক্ত খাদেজা বেগমৰ লগতে আশ্বাফুল ইছলাম আৰু ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে।