মৰিগাঁও: অসামৰিক চিকিৎসালয়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুস্থিত
মৰিগাঁও জিলা স্বাস্থ্য সমিতি আৰু স্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়, মৰিগাঁৱৰ সহযোগত সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো সেৱা সপ্তাহৰ লগত সংগতি ৰাখি এক সফল ৰক্তদান শিবিৰ আয়োজন কৰা হয়। চিকিৎসালয়ৰ কৰ্মচাৰীসকলে আন্তৰিকতা আৰু অতি উৎসাহৰে অংশগ্ৰহণ কৰি এই পুণ্য কাৰ্য্যক সফল কৰি তোলে।এই আদৰ্শ উদ্যোগে আনকো ৰক্তদানত আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা যোগায়।