গড়চুকত বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ অচল টকা । পুৰণি ৫০০ টকীয়া নোটসহ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ । পশ্চিম আৰক্ষী জিলাৰ DCP ৰ নেতৃত্বত গড়চুক আৰক্ষীয়ে জব্দ কৰে ১০ লাখ টকা । দুচকীয়া বাহনৰে আহি নাকা চেকিঙত আৰক্ষীৰ জালত পৰে প্ৰৱঞ্চকটো । প্ৰৱঞ্চকটোৰ বেগৰ পৰা উদ্ধাৰ কৰা হয় নকল নোটখিনি । ধৃত প্ৰৱঞ্চক তথা সৰবৰাহকাৰীজন বৰাগাঁও গাখীৰ চকৰ শান্তনু তালুকদাৰ ।