উত্তৰ লক্ষীমপুৰ: নগৰত অনুষ্ঠিত হয় মেগা স্বাস্থ্য পৰীক্ষা কাৰ্য্যসূচী, শুভাৰম্ভণী কৰে জিলা আয়ুক্তই , উপস্থিত থাকে অৰক্ষী অধীক্ষক
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৫ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সেৱা সপ্তাহৰ লগত সংঙ্গতি ৰাখি লখিমপুৰত অনুষ্ঠিত কৰা হয় মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ।সমগ্ৰ লখিমপুৰ জিলা ৫ টা বিধান সভা সমষ্টিত অনুষ্ঠিত হব এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ। লখিমপুৰ বিধান সভা সমষ্টি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰৰ শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজ্যিৎ কাকতিয়ে।জিলা আৰক্ষী অধীক্ষক গুনেন্দ ডেকা আদি উপস্থিত থাকে।