ছয়গাঁও: ছয়গাঁৱত আইন সেৱা দিৱস উদযাপন
৯ নৱেম্বৰৰ দিনটো 'আইনী সেৱা দিৱস' হিচাপে পালন কৰা হয় । ভাৰতীয় সংসদে ১৯৮৭ চনত আইন সেৱা প্ৰাধিকাৰী আইন (The legal services authorities Act,1987)খন (১৯৯৪ চনৰ সংশোধন) প্ৰণয়ন কৰে ৷ এই আইনে ১১ অক্টোবৰত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে ।১৯৯৫ চনত উচ্চতম ন্যায়ালয়ে সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক বিনামূলীয়াকৈ আইনী সেৱা আগবঢ়োৱাৰ বাবে এই আইনখন কাৰ্যকৰী কৰে । তেতিয়াৰে পৰা প্ৰতি বছৰে ৯ নৱেম্বৰৰ দিনটো ‘আইনী সেৱা দিৱস' হিচাপে পালন কৰি অহা হৈছে ৷