তিনিচুকীয়া: মাকুম ডিমৰুহোলা গাঁওত চাহ গছ উচ্ছেদ বন বিভাগৰ,প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ
যোৱা ৩ নৱেম্বৰ তাৰিখে মাকুম ডিমৰুহোলা গাঁওত মৰাণ জনগোষ্ঠীৰ পৰিয়ালৰ চাহ গছ উচ্ছেদ কৰে বন বিভাগে । ১৯৫০ চনৰ পৰা বসবাস কৰি অহা কেইবাটাও পৰিয়ালৰ গৃহত ইতিমধ্যেই ৰাইজে নিজৰ সন্তানৰ দৰে লালন পালন কৰা চাহ গছ,তামোল গছ কাটি উচ্ছেদ চলাই । বুধবাৰে বিয়লি প্ৰায় ৩ বজাত উক্ত স্থানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই উপস্থিত হৈ উচ্ছেদ স্থলী পৰিদৰ্শন কৰে । এনেদৰে উচ্ছেদ কৰাত প্ৰতিজোপা উচ্ছেদ কৰা গছৰ ক্ষতিপূৰণ দিব লাগিব বুলি বন বিভাগৰ ওপৰত দাবী উত্থাপন কৰে