দেৰগাঁও: দেৰগাঁৱত ঘৰচীয়া হাতীৰ গছকত মৃত্যু হাতীৰ মালিক কেশৱ বৰা নামৰ এজন লোক ,সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি
দেৰগাঁৱত বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ভয়ানক অঘটন। ঘৰচীয়া হাতীৰ গছকত মৃত্যু হাতীৰ মালিক কেশৱ বৰাৰ। আঘাটপ্ৰাপ্ত হ'ল আন দুজন । ইয়াৰে আঘাট প্ৰাপ্ত এজন হ'ল হাতীটোৰ মাউত। জানিবপৰা মতে কিছুদিন ধৰি হাতীটোক ৰাখি থোৱা হৈছিল দেৰগাঁৱৰ ভিতৰুৱা এক নিৰিবিলি পৰিৱেশৰ হাবিৰ মাজত। বিয়লিৰ ভাগত মাউত সহ গৰাকীয়ে নিবলৈ আহিয়েই সংঘটিত হয় এই ঘটনা l