নগাঁও: মুকলি আকাশৰ তলত বিধায়ক আমিনুল ইছলাম
Nagaon, Nagaon | Nov 28, 2025 মুকলি আকাশৰ তলত বিধায়ক আমিনুল ইছলাম ২১৮ দিন কাৰাবাসৰ পাছত আজি মুকলি আকাশৰ তলত আমিনুল ইছলাম। নগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ মুক্তিত উৎফুল্লিত নগাঁৱৰ AIUDF কৰ্মী। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বিধায়ক জনৰ জামিন মঞ্জুৰ কৰাৰ পাছতে আজি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হʼল বিধায়ক গৰাকী । উল্লেখ্য যে, পেহেলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণৰ পাছতে বিধায়ক আমিনুল ইছলামে জিলা খনৰ আলিটাঙনিৰ এখন জনসভাত বিতৰ্কিত মন্তব্য কৰিছিল।