ৰাভাহাচং এলেকাৰ বৰদুৱাৰ বাগানত ভূমিৰ অধিকাৰ বিচাৰি লোক সকলে কৰা ধাৰাবাহিক প্ৰতিবাদৰ অন্তত শুক্ৰবাৰে ভিডিঅ কনফাৰেঞ্চযোগে এক সভা অনুষ্ঠিত হয় । বৰদুৱাৰ বাগান অঞ্চলত এটা পৰিয়ালক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰাৰ বিৰূদ্ধে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ আছিল।