বকো: বকোৰ বিধায়িকা নন্দিতা দাসে অসম বিধানসভাত গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্তব্য আগবঢ়ায়।
Boko, Kamrup | Nov 29, 2025 বৰ্তমানৰ ছমৰীয়া বিধানসভা সমষ্টিৰ সোনতলী PHC খন CHC হিচাপে উন্নীত হোৱাৰ দুবছৰৰো অধিক সময় অতিবাহিত হ'ল যদিও আজি কোপতি হস্পিটেল খনত দৰকাৰী সা সুবিধা, ডাক্তৰ নাৰ্ছৰ অভাৱ পুৰণ নহ'ল। যাৰ ফলত ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সুবিধা পাব লাগিছিল তাৰ পৰা বঞ্চিত হৈ আছে।এই ক্ষেত্ৰত আজি মই বিধানসভাৰ মজিয়াত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালেই হস্পিটেল খনে লাভ কৰিবলগীয়া সুবিধা খিনি প্ৰদান কৰিবলৈ দাবী জনাই বক্তব্য ৰাখে বকোৰ বিধায়িকা নন্দিতা দাসে।