ভাৰতীয় জনতা পাৰ্টি, তিনিচুকীয়া জিলাৰ নিষ্ঠাবান কাৰ্যকৰ্তা তথা তিনিচুকীয়া জিলা বিজেপিৰ সামাজিক মাধ্যম কোষৰ প্ৰাক্তন সদস্য তথা বিজেপি তিনিচুকীয়া জিলা সমিতিৰ সংবাদ মাধ্যম কোষৰ সদস্য অভি গাঙ্গুলিৰ আকস্মিক বিয়োগত দুখৰ ছা তিনিচুকীয়া বিজেপি কাৰ্যকর্তাৰ মাজত । শনিবাৰে বিয়লি প্ৰায় ৩ বজাত অভি গাঙ্গুলিক শেষ বিদায় জনাবলৈ বিজেপিৰ অটল বিহাৰী বাজপেয়ী ভৱনত তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় আৰু দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিধায়ক সঞ্জয় কিষানে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে।