ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ জয়গুৰু মন্দিৰত উদ্যাপন কৰা হৈছে যুগ পুৰুষোত্তম শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৮ তম্ জন্ম মহোৎসৱ
ঢেকীয়াজুলিৰ জয়গুৰু মন্দিৰত মংগলবাৰে দিনৰ ১১ বজাৰ পৰা উদ্যাপন কৰা হৈছে যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৮ তম্ জন্ম মহোৎসৱ ৷ উল্লেখ্য যে আজি সমগ্ৰ দেশতে সৎসংগী সকলে উদ্যাপন কৰিছে শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ জন্ম মহোৎসৱ ৷ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে আজি ঢেকীয়াজুলিৰ জয়গুৰু মন্দিৰতো উদ্যাপন কৰিছে শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ জন্ম মহোৎসৱ ৷ আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী জয়গুৰু মন্দিৰত ৷