মাৰ্ঘেৰিটা: ডিগবৈত শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ উপলক্ষে ভাগৱত ভ্ৰমণ বাহিৰ ,শতাধিক ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ
মংগলবাৰে দুপৰীয়া প্ৰায় ২ বজাত ডিগবৈ টিংৰাই কাঠগাৱৰ নামঘৰত অঞ্চলটোৰ সমুহ নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ উপলক্ষে আজি প্ৰথম দিনাৰ কাৰ্যসূচী ভাগৱত ভ্ৰমণ বাহিৰ কৰা হয়। শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা ভাগৱত ভ্ৰমণ উদ্বোধন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ইয়াৰ পূৰ্বে ধৰ্ম ধ্বজা উত্তোলন কৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ গগৈয়ে ।