নগাঁও: কামপুৰৰ লুটুমাৰীত সমাপ্ত হৈছে দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান
Nagaon, Nagaon | Nov 30, 2025 কামপুৰৰ লুটুমাৰীত পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান। ওৰে নিশা গছৰ তলতে পাৰ কৰিলে বহু উচ্ছেদিত লোকে। কামপুৰৰ লটুমাৰী সংৰক্ষিত বনাঞ্চলত শণিবাৰে শান্তিপূৰ্ণ ভাৱে প্ৰথম দিনাৰ উচ্ছেদ অভিযান সমাপন হোৱাৰ পাছত আজি পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান।শণিবাৰে প্ৰায় ৭০% শতাংশ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰা হয়। আজি পুৱাৰ পৰা বেদখলকাৰীয়ে চৰকাৰী ভূমি বে-দখল কৰি যি তামোল বাৰী গঢ়ি তুলিছিল সেই সমূহ উচ্ছেদ কৰা হয়।