উত্তৰ লক্ষীমপুৰ: লখিমপুৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা,এখন এল্টোৱে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকত খুন্দা মাৰে, মৃত্যু হয় এজন
বিশ্বকৰ্মা পূজা দিনাই লখিমপুৰ বাইপাছত ডাঙৰ দুৰ্ঘটনা । এখন এল্টোৱে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন বাইকত খুন্দা মাৰে আৰু ইয়াৰ পাছতে ৰাখি থোৱা এখন টেইলৰত খুন্দিয়াই । দুৰ্ঘটনাত পতিত হোৱা বাইক চালক জন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে । আৰু এই দুৰ্ঘটনাটোত চাৰিজনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।