নলবাৰী: চহৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিবৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক
চহৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা জল জীৱন মিছনৰ মিছনৰ ডাইৰেক্টৰ কৈলাস কাৰ্তিকৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াবর্গৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নলবাৰী সমষ্টিৰ অন্তৰ্গত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ আঁচনিসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় বৈঠকত।বৈঠকত নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবর্গ উপস্থিত থাকে।